Ami Asamiya Bhupen Hazarika Mp3 Song Download
Get This Song
Play Online
Share This Song
Ami Asamiya Song Lyrics
'আমি অসমীয়া নহওঁ দুখীয়া'
বুলি সন্ত্বনা লভিলে নহ'ব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।।
নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ'ব নিঃশেষ
আৰু মনবোৰো ভাগি ছিগি যাব --
আজিৰ অসমীয়াই নিজকে নবচালে
অসমতে মগনীয়া হ'ব।
প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত
'ডাঙৰ নহয় দেশতকৈও মোৰ'
দুৰ্ব্বলচিতীয়া মোমাইবোৰ' বোলো
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অ' নহ'লে অসমীয়াই অসমৰ মাটিতে
নিজেই মগনীয়া হ'ব।।
কথাঃ অসম মৰিলে আমিও মৰিম বুলি
ক'বলৈ কোনো যে নাই বুলি আজি কোনে কয়?
গীত: কোনোবা কাপুৰুষক
পুৰুষ কৰিবলে'
জ্যোতিপ্ৰসাদো যে আছে।
অসম মৰিলে আমিও মৰিম
বুলি ক'বলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে
হাতে-কামে নৱৰূপ দিব।
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হ'ব।।
আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু ক'তনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে
মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হ'ব
নহ'লে আমাৰ 'ৰাজহাড় নাই' বুলি
বিশ্বই বৰকে হাঁহিব।।
বিশ্বপ্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা --
আপোন মাতৃৰ অশ্ৰু নমচিলে
বিশ্বপ্ৰেম হ'ব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ'লে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহ'লে
প্ৰাপ্যও থিতাতে হেৰাব।।
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি -- সেঁৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হ'ব।।
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।
You May Also Like
» Moi Eti Jajabar [Bhupen Hazarika] » Mahabahu Bramhoputra [Bhupen Hazarika] » Bistirna Parare [Bhupen Hazarika] » Tomar Premer Bhogjorati [Bhupen Hazarika] » Tez Dila Pran Dila [Bhupen Hazarika] » Dug Dug Dug Dug Dambaru [Bhupen Hazarika] » Luitar Chaaparit Kore Nawariya [Bhupen Hazarika] » Manuhe Manuhar [Bhupen Hazarika]FAQs for Ami Asamiya
Who is singer of Ami Asamiya song ?
Singer of Bhupen Hazarika.
Who is writer of Ami Asamiya song ?
Bhupen Hazarika wrote this Song.
Who is the music director of Ami Asamiya song ?
Ami Asamiya is Tuned by Lata Mangeshkar, Bhupen Hazarika, Kishore Kumar.
Which label release Ami Asamiya song ?
Ami Asamiya is released under the label of Saregama Music.
Whats the playtime (duration) of Ami Asamiya song ?
Playtime of song Ami Asamiya is 06:32 minute.
How can I download Ami Asamiya song ?
You can download Ami Asamiya song via click above download links.